গীতমালা 76 — অসমীয়া বাইবেল (2017)
অধ্যায় 76
◈
1যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান। 2চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতিস্থান আছে। 3তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা] 4তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা। 5এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল। পৰাক্ৰমীসকল অসহায় হ’ল। 6হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল। 7তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে? 8তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়; পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল। 9হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।[চেলা] 10অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব; তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা। 11তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। 12তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।