গীতমালা 67 — অসমীয়া বাইবেল (2017)

অধ্যায় 67
◈
1হে ঈশ্বৰ যিহোৱা তোমাৰ কৰুণাৰে আমাক আশীর্বাদ কৰা, তেওঁ তেওঁৰ আচৰিত চেহেৰাৰ পোহৰ আমাৰ ওপৰত পৰিবলৈ দিয়ক। 2গোটেই পৃথিবীয়ে যেন তোমাৰ পথ জানে; সকলো জাতিৰ মাজত যেন তোমাৰ পৰিত্ৰাণ প্ৰকাশিত হয়। 3হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক; সকলো লোকে তোমাৰ প্ৰশংসা কৰক। 4জাতিবোৰে উল্লাসিত হৈ আনন্দৰ গীত গাব; এই লোকসকলৰ ন্যায়বিচাৰ তুমি ন্যায়ৰে কৰিবা, পৃথিবীৰ জাতিবোৰক নিয়ন্ত্রণ কৰিবা। [চেলা] 5হে ঈশ্বৰ, লোকসকলে তোমাৰ প্ৰশংসা কৰক, সমুদায় লোকে তোমাৰ প্ৰশংসা কৰক। 6পৃথিবীয়ে শ্রমৰফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰ, আমাক আশীৰ্ব্বাদ কৰিব। 7ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
পঢ়াৰ মাত