গীতমালা 1 — অসমীয়া বাইবেল (2017)
অধ্যায় 1
◈
1ধন্য সেই লোক, যি জনে দুষ্টসকলৰ পৰামর্শমতে নচলে, পাপীসকলৰ পথত থিয় নহয়, নিন্দকসকলৰ সমাবেশত নবহে; 2কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে। 3সেই মানুহ বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ দৰে, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; তেওঁ সকলো কৰ্মতে সফলতা লাভ কৰে। 4দুষ্টসকল তেনেকুৱা নহয়; তেওঁলোক বতাহে উৰুৱাই নিয়া তুঁহৰ দৰে। 5এই কাৰণে দুষ্টসকল ন্যায়-বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্ম্মিকসকলৰ সভাত থাকিব নোৱাৰিব। 6কাৰণ যিহোৱাই ধাৰ্ম্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টসকলৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।